Pages

Monday 15 August 2011

স্বাধীনভাবে স্বাধীন নে আমি ..........


       ভাৰত স্বাধীনতাৰ ৬৫ বছৰ দেওনা পাৰ কৰাৰ পাছতো আমাৰ সন্মুখত এটা জটিল প্রশ্ন "স্বাধীনভাবেই স্বাধীন নে আমি ?" এই প্রশ্নৰ উত্তৰত ভাৰতৰ সংবিধান স্বীকৃত নীতি , সমাজ –সংগঠন , ভিন্ন ব্যক্তি – সংগঠন  তথা  ব্যক্তি সকলে নানা যুক্তি প্রদৰ্শন কৰি আহিছে । তথাপিও স্বাধীনতা দিৱসৰ এই দিনটোতে কিয় এনে ধৰণৰ প্রশ্নই জুমুৰি মাৰি ধৰে ।
    জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংস নীতিক সাৰোগত কৰি যি ঐক্য – মন্ত্র ‘অহিংসা আমাৰ ধৰ্ম ' আগবঢ়াই থৈ গ’ল , এয়া যেন এতিয়াৰ দিনত পুৰাণ – জাতকৰ সাধুকথা । চাৰিওফালে বেঢ়ি ধৰিছে হিংসা আৰু সন্ত্রাসৰ মেঘাচ্ছন্ন আকাশে । আজিৰ ভাৰতীয়ই ৰাষ্ট্রীয় পতাকাৰ তলত "জয় হিন্দ "বুলি উচ্চাৰণ কৰিবলৈ ভয়ৰ সন্মুখীন হৈছে ।  বিভীষিকাৰ দৰে জ্বলি উঠে বুকুখন ‘ক”ৰবাত কিবা এটা শব্দ হৈছে , বিকট চিঞৰ ‘ । কাৰোবাৰ ভৰি , হাত , আঙুলিবোৰ নিচিহ্ন হৈ ওলমি পৰিছে গছৰ ডালত । এয়াই কি কুশল কোৱঁৰ , মণিৰাম দেৱানৰ সপোন , স্বাধীন অসমৰ ধেমালি ! আজিও কিয় এচামে মানি ল’ব পৰা নাই স্বাধীন ভাৰতৰ (অসমৰ) নাগৰিক বুলি । সহস্র জনৰ মাজত থাকিও ই যে  নিৰাপত্তাহীনতাৰ এক অবিকল চিত্র । আমি কেনেকৈ একমুখে স্বীকাৰ কৰোঁ  ‘অনৈক্যৰ মাজত ঐক্য ‘ !
   বৃটিছ শাসনৰ পৰাধীনতাৰ শিকলি ছিঙি ভাৰত স্বাধীন হোৱা বহু বছৰ পাৰ হৈ গ’ল । তথাপিও আমি পৰাধীন হৈ আছোঁ শোষন ,  লুণ্ঠন আৰু হিংসাৰ কবলত । স্বাধীনভাবে উশাহ ল’বলৈ আমি পালন কৰিছোঁ ‘বন্ধ সংস্কৃতি’ , অসম বন্ধ ,ভাৰত বন্ধ ইত্যদি । এই বন্ধৰ মূল্যই ক’ত থাকিল যি মুহূৰ্তত আমি মুক্ত কণ্ঠে সমস্বৰত গাব নোৱাৰিলো ‘ জন গণ মন অধি নায়ক জয় হে.....’ ।
   বস্তুৰ বৰ্দ্ধিত  দাম , নিবনুৱা সমস্যা , হত্যা , সন্ত্রাস তথা নাৰী নিৰ্যাটনৰ নিচিনা ঘটনাই স্বাধীন ভাৰতৰ সংবাদ – পত্রৰ প্রথম স্থান অধিকাৰ কৰি আহিছে । যিটেো সময়ত পৃথিৱী গোলকীকৰণৰ প্রভাৱত জয় যাত্রা আহ্বান কৰিছে , সেই সময়ত ভাৰতৰ দৰে ৰাষ্ট্রত দেখা দিছে খাদ্য সংকট  তথা অন্ধ – বিশ্বাসে । আধুনিক প্রযুক্তি – বিদ্যাৰ উন্নতিয়ে ভিন্ন ৰাষ্ট্রৰ মাজত সৃষ্টি কৰিছে এক বিৰাট প্রতিযোগিতাৰ । ভাৰতত আজিও নিৰ্মূল কৰিব পৰা নাই ভিক্ষাৰী বৃত্তি তথা মৌলিক প্রয়োজনৰ সমস্যা ।
      এনে ধৰণৰ বহুতো প্রশ্নই আগুৰি ধৰে যেতিয়া আমি উদযাপন কৰিব বিচাৰো আমাৰ স্বাধীনতা ....!
      তিনি বৰণীয়া জাতীয় পতাকাৰ তলত থিয় হৈ আজিও নিজকে প্রশ্ন কৰোঁ এখন নিকা ভাৰতবৰ্ষ আমাৰ বাবে কিমান দূৰ ! প্রকৃততে  আমি স্বাধীনভাবে স্বাধীন নে পৰাধীন !!!!

No comments:

Post a Comment