Pages

Wednesday 27 July 2011

আই

 মোক তোমাৰ কোলাত শুৱলৈ দিয়া
 তোমাৰ আঁচলৰ ছাঁত
 আঁতৰ কৰা মোৰ সমস্ত অৱসাদ ।
 মোৰ  চুলিত আঙুলি বুলাই 
 তুলি দিয়া মোক নিদ্রাদেৱীৰ কোলাত ।
 সঁচাকৈয়ে আই এতিয়া বিচাৰি ফুৰিছোঁ মই
 অলপ মৰম ,  অলপ ভালপোৱা ।
 সেয়ে পুনৰ শিকিব বিচাৰিছোঁ
  শৈশৱৰ আদিপাঠ  ।
 মাটি - পেন্ঞ্চিল আৰু ফলিখন মোক বিচাৰি দিয়া
 শিকাই দিয়া 'অ' আৰু 'ক' ৰ ভাঁজ ।
 মোক গা ধুৱাই দিয়া , কাপোৰ পিন্ধাই দিয়া ,
 ভাত খুৱাই দিয়া ,
 কঁপালত আঁকি দিয়া
 এটা ডাঙৰ ফোঁট ( কলাফোঁটত পাউদাৰ দিবলৈ নাপাহৰিবা আই ) ।
 মোৰ স্কুলৰ মোনা ,পানী বটল আৰু ছাটিটো দিয়া ,
 আগবঢ়াই দিয়া পদূলিমুখলৈ ।
 ৰাস্তাৰ বাঁওফালে যাম নে সোঁফালে ........!!
  আই , মই কেইবাবাৰো ভুল কৰি ৰাস্তাৰ ওলোটাফালে গৈছোঁ ।
 এতিয়াৰ পৰা মই সদায় বাঁওফালে যাম
 আৰু ঘুৰি আহি তোমাৰ কোলাত শুম  ,
 তুমি মোৰ চুলিত আঙুলি বুলাবা ,
  মই শুনি টোপনি যাম
  "আমাৰে মইনা শুব এ , বাৰীতে বগৰী ৰুব এ " .....।


Tuesday 12 July 2011

দুইৰ মহিমা

     " দুই"  শব্দটোৰ ভিন্ন ৰূপ  ঃ


দুকঠা, দুকাষ, দুকোঠলীয়া, দুখন, দুখিলা, দুখুজি, দুগাল, দুগুটি, দুগুণ, দুঘৰ, দুচকল, দুচকীয়া, দুচটা, দুচকলীয়া, দুচলু, দুচিমা, দুছোৱা, দুজন, দুজনী, দুজোপা, দুজুপি, দুটকা, দুটীয়া, দুটি, দুটুপি, দুটোপ, দুটুকুৰা, দুঠেঙীয়া, দুঠোক, দুতলীয়া, দুতৰপীয়া, দুদল, দুডাল, দুদিন, দুদঁতীয়া, দুধাৰি, দুনলীয়া, দুপাত, দুপৰ, দুপাক, দুপাল, দুবাটি, দুপাৰি, দুফাল, দহালি, দুবোজা, দুভৰি, দুমাহ, দুমেৰু, দুমূৰ, দুমূৰি, দুভাগ, দুমুঠি, দুৰুচী, দুমুৰি, দুমূৰ, দুৰাতি, দুৱচী, দুষাৰ, দুগাল, দুহাল, দুবছৰ, দুপৰীয়া, দুখোজ, দুটকীয়া, দুডৰা, দুডালি, দুদিনীয়া, দুদেও, দুধাৰ, দুনিশা, দুপতীয়া, দুপালি, দুফালে, দুবছৰীয়া, দুৱাৰ, দুবিঘা, দুবিহা, দুবেলা, দুৱাৰ, দুভগীয়া, দুভাৰ, দুমহীয়া, দুমহলীয়া, দুমুঠা, দুযুৰি, দুযোৰ, দুৰাতি, দুলোটা, দুহাতে........ ইত্যাদি ।  

Wednesday 6 July 2011

কবিতা

কেতিয়াবা কবিতা হেৰাই যায়,
খেপিয়াই আনি গাৰুৰ তলত লুকুৱাই থওঁ
সাংঘাটিক মায়া আৰু দুষ্টালি কবিতাবিলাকৰ......
অভিমানৰ অভিনয় কৰে শব্দবিলাকে,
কাষতে অনুভূতিয়ে সহায় কৰে....
বগা কাগজত শব্দৰ লুকাভাকু.....
গাৰুটো লুটিয়াই থপিয়াই ধৰোঁ কলমটো,
কবিতাই আকৌ গান গায়..........!

এমুঠি আশা

কেতিয়া যে বেইৰ তলত হালধীয়া কথা পাতিম,
মাটিমাহ, দৈৰ পৰশত উন্মনা হ'ব মন.........!
        তুমি ৰ'বা পদূলিত,
        সেন্দূৰীয়া সুখ কপালত সানি,
        খোজ দিম তোমাৰ সৈতে.....
        উৰুলীকৃত হ'ব ৰভাথলী,
        হিয়াত বাজিব উচ্ছাসৰ গান.........!

টোপনি

টোপনিয়ে কেতিয়াবা দুচকু মেলি থাকে
কপালত টানি ৰাখে বক্ৰৰেখা,
অপেক্ষাৰ ঢৌ সানে বুকুত,
চেঁচা আশাত ভাষা ঢালি
 জপাই থয় দুচকু.......!

দূৰত্ব

দূৰত্বৰো প্রয়োজন কেতিয়াবা
সহজ আৰু নিভাঁজ নহয় নিঃসংগতা,
উমলি থাকে য'ত বিষণ্ণতা
ৰোমন্থন কৰিবলৈ মধুময়তা..!

তুমি

তোমাৰ কথা ভাবিলে
     সিৰে সিৰে বৈ আহে ভালপোৱা,
দুচকুত দোলা দিয়ে
     এটি সপোনে.....!

ভাষা আছিল মৌনতা

তাই সুখত নাছিল..নিদ্ৰাহীন এটি ৰাতিক উপহাৰ যাঁচি,কোঠাৰ চুকে-কোণে পৰি থকা পোৰা চিগাৰেটৰ খবৰ নাৰাখি তাই সুখত নাছিল....এখন হিয়াৰ ভালপোৱা মচি তাই সুখত নাছিল....ভালপোৱাৰ সকলো মাদকতাক স্থবিৰ কৰি তাই বহন কৰিছিল অইন এক সত্তা...ভাষা যাৰ মৌনতা....!

চঞ্চল কবিতা

অই ,তোৰ হেনো ভালপাওঁ বুলিয়েই ওস্তাদি,
হে হে, এতিয়াই নুবুজিবি.....
প্রেম চেম বৰবাদি.....
    দীঘলীপুখুৰী, চি,চি,ডি কিম্বা শ্বপিং মেগামাৰ্ট
        এইবিলাক চব ফাটলামি.......
           ভালপোৱা মাথোঁ দুখন হিয়াৰ চঞ্চলামি.........!