Pages

Monday 16 July 2012

                             এটি আবেলি
   সেই যে তুমি কাষৰ পৰা আঁতৰি যোৱা আবেলিটো !
   আঙুলিত আঙুলিবোৰ থমকি ৰৈছিল ,
   চাৰি চকুয়ে সন্মুখ ঢাকিছিল ।
   দুভৰি আগুৱাই দুভৰিত মিলিব খুজিছিল ,
   আজি বহুদিন পাৰ হৈ গ'ল ।
   আবেলিৰ সুবাস পদুলিৰ বকুলী হ'ল ।
  

Sunday 1 July 2012

                                             তাই আৰু আকাশ
                                       

                                                  তোমাক লগ পোৱাৰ আগৰ কথা

                                                  তাই আকাশক ভাল পাইছিল ।

                                                এমুঠি নীলা টানি তাই চকুত সানিছিল ,

                                                 জোনাকৰ মায়া তাই বুজা নাছিল ,
 
                                                 ডাৱৰৰ ঢৌবোৰত তাই জাহাজ এখন আঁকিছিল ,

                                                এচোতাল বৰষুণত তাই দুখন হাত মেলি

                                                দুচকুত আন্ধাৰ আৰু পোহৰৰ লুকা - ভাকু খেলিছিল ।

                                                তুমি কাষলৈ অহাৰ পৰাই সকলোবিলাক

                                                নীলা ছাতি আৰু বগা বেলুন একোটা হৈ

                                                আকাশত ওলমি আছিল ।

 

Friday 20 April 2012

প্ৰথম ভালপোৱা



    "ভালপোৱা" শব্দটোৱেই দি যায় বহুতো ভাললগা অনুভৱ । তাতে যদি সেই ভালপোৱাৰ অনুভৱত সতেজতা ৰৈ যায় , ই হৈ পৰে স্মৃতিমধুৰ । প্রথম ভালপোৱাই বহুতকে দি যায় প্রেমৰ মিঠা মিঠা সুবাস । এনে লাগে সমগ্র বিশ্বই তোমাৰেই প্রেমক স্বৰ্গীয় কৰি ৰাখিব আৰু তোমাৰ প্রেমে বিশ্বক দিব প্রকৃত প্রেমৰ বতৰা ।
     স্মৃতি তেতিয়া হাইস্কুলত । প্রথম দিনাৰ পৰাই পলাশক দেখিছে । অকণমানি পলাশ , দেখিবলৈ বৰ মৰম লগা । প্রথম হাইস্কুল , প্রথম স্কুল ইউনিফ্ৰম আৰু নতুন লৰা ছোৱালীৰ সংগ । ভাল লাগিলেও বেয়া লাগিলেও স্মৃতিয়ে পলাশক মাত বোল কৰা নাছিল । এবছৰ দুবছৰ নহয় ক্লাছ নাইন কি টেইন পোৱালৈকে তাই পলাশক নামাতিলে ।
     পলাশ , পঢ়া শুনাত ভাল । সময়ত স্কুললৈ আহে , ক্লাছ কৰে , সমনীয়াৰ লগত ধেমালি কৰে । অলপমান কথাৰ ওস্তাদি , কিন্তু স্মাৰ্ট । সুযোগ পালেই স্মৃতিক মাতিবলৈ বিচাৰে । বিভিন্ন প্রতিযোগিতালৈ স্মৃতিৰ চাইকেলখন আৰু কলমটো লৈ গৈ ভাল পায় আৰু বিনা দ্বিধাই দি দিয়াটোৱেই স্মৃতিৰ স্বভাৱ ।
     সময় বাগৰিল । স্মৃতি পলাশ ডাঙৰ হল । লগৰ সমনীয়াই সিহঁত দুটাক লৈ নানানটা  আলোচনা কৰে । পলাশে তাইৰ চকুলৈ চায় , স্মৃতিয়ে লাজ কৰে । কিন্তু স্মৃতিয়ে তাৰ মনৰ কথা বুজি পায় । প্রকাশ কৰাৰ সাহস কাৰো নাছিল ।
   ক্লাছ টেইন । তাহাঁত দুটাক লৈ নানানটা ধেমালি । পলাশে স্মৃতিৰ গালৈ কাগজৰ টুকুৰা বিলাক দলিয়াই পঠায় । স্মৃতিয়ে মনে মনে বেগৰ ভিতৰত ভৰাই থয় ।
   এদিনৰ কথা । পলাশে স্মৃতিৰ মুখত বগা চকৰ গুৰি অলপমান সানি দিলে । গোটেই ক্লাছে তাইক স্মৃতি আইতা স্মৃতি আইতা বুলি জোকাবলৈ ধৰিলে । এইবাৰ তাই ধৈৰ্য ধৰিব নোৱাৰি পলাশৰ কাষলৈ ধাপলি মেলিলে । কিন্তু কিবা এক ভাললগাই তাইক পলাশৰ কাষৰ পৰা আঁতৰি আহিবলৈ দিয়া নাছিল ।
   অংকৰ টিউচন । কেইবাজনো লৰাৰ মাজত স্মৃতিয়ে চাইকেল কোবাই যায় । পলাশে স্মৃতিক আগবাঢ়ি যাবলৈ দিয়া নাছিল । সিঁহতৰ লগত সমানে চাইকেল চলাই তাইৰ ভাল লাগিছিল নে আমনি ! তাই বুজিব পৰা নাছিল ।
   অংক জ্যামিতিৰ অজুহাত লৈ ফোনত পলাশে কথা পাতে । স্মৃতিয়ে শুনি যায় । পলাশৰ কথা মতেই সেইদিনা স্কুলৰ পৰা সমনীয়াৰ লগত স্মৃতিয়ো গুৱাহাটীলৈ যায় । সেইদিনা পলাশে তাইৰ হাতত কেইটামান চকলেট গুজি থৈ যায় । কিন্তু , কিয় দি গল ! তাই নুবুজিলে । মাথো সমনীয়াক কলে । ধৰা পৰি গল সিহঁত , পাৰে মানে তাইক জোকালে । লাজ পালেও ভাল লাগিল তাইৰ ।
   মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট ওলাল । পলাশ কটন কলেজ , স্মৃতি আপোন ঠাইতে পঢ়িব । এনেকৈয়ে পলাশ তাইৰ কাষৰ পৰা গুচি যাব । গৰমৰ বন্ধত এমাহ নেদেখাকৈ থাকিলে স্মৃতিৰ অশান্তি লাগিছিল । পাৰিবনে তাই !
     এটা ফোন কলত স্মৃতি সাৰ পালে । পলাশৰ ফোন । স্মৃতিক কিবা এষাৰ কব বিচাৰে । পলাশে কৈ গল ...অক্সাৰ ওয়াল্ডে কৈছিল , নাৰী আৰু পুৰুষৰ মাজত বন্ধুত্ব হব নোৱাৰে , হব পাৰে মাথোন অনুৰাগ । নতুবা প্ৰেম , হিংসা আৰু শত্ৰুতা ।
    স্মৃতিয়ে পলাশক নামঘৰৰ পথাৰত লগ কৰিলে । লগত তাঁহাতৰ বন্ধু সৌৰভ আৰু নিমা । স্মৃতিৰ মনত উদুলি মুদুলি । কিন্তু কয় যে ,  ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি । ভাবি অহা কথাবোৰ পলাশে কবলৈ নাপালে । হাইস্কুলৰ দুজনমান শিক্ষকক দেখা পাই পলাশে স্মৃতিক এৰি ঘৰ পালেহি ।
   স্মৃতিৰ বুকুখন খুব গধুৰ যেন লাগিল । কান্দি কান্দি বিচনাত শুই পৰিল । তেনেতে পলাশৰ ফোনত তাই উঠি আহিল । কথা পতাৰ ইচ্ছা তাইৰ নাছিল ।
::::হেল্ল পলাশ , কি কথা আছিল কোৱা ?
:::: যিটো কথা গোটেইখন চহৰে জানে , তুমি কিয় নুবুজিলা ? মই তোমাক ভালপাওঁ !
.............!!!!
        এয়াই ভালপোৱা !! প্রথম প্রেম , প্রথম প্রেমৰ মাদকতা ........।

  

Sunday 25 December 2011

তুমি ৰ'বা তুমি

জীৱন মোৰ বাবে এখন সাঁকো মাথোঁ । যাৰ চৌদিশে পানী মাথোঁ পানী । সাঁকোখনত উঠিবৰ সময়ত মই বৰ ভয় খাইছিলোঁ । কিমান যে খলা- বমা শিলবোৰে তলখন ছানি ধৰিছে ! সেই সময়তে তুমি মোৰ হাতখনি আহি সাৱতি ধৰিছিলা । বাধা দিয়াৰ সুখেই বা ক'ত !  মোৰ যে লক্ষ্যই আছিল নদীখন পাৰ হোৱা । তোমাৰ হাতত হাত গুজি মই আগবাঢ়িছিলোঁ । এই যে গুজি দিয়াৰ সাহসকণ ,  মই তাৰ পৰা আঁতৰিব পৰা নাছিলোঁ । সেইদিনা মই কিমান বাৰ চাই ৰৈছিলোঁ তোমালৈ , তোমাৰ  বাৰু মনত আছেনে ? মই মনে মনে কামনা কৰিছিলোঁ নদীখন আৰু দীঘল হওক আমাৰ বাবে , মোক আলফুল হাতৰে আগবঢ়াই নিয়া । কিন্তু সকলো পথৰে হেনো সমাপ্তি থাকে । মই তোমাক আহ্বান জনাইছিলোঁ , তুমি মোৰ হাতখন এৰি নিদিবা , এবাৰ দুবাৰ , কেইবাবাৰো ..!
       মই তোমাৰ চিনাকি সুৰভিত আৱদ্ধ হৈ ৰ'লোঁ । তুমিতো জানাই কাৰোবাৰ বাবে আগবঢ়োৱা হাতখন উভতি নাহে । দুৰন্ত সময়ৰ হেঁচাত আগুৱাই গ'ল হেঁপাহ । বাৰে বাৰে কাঁইটে বিন্ধে । তৃপ্তিৰ সুখ নে অতৃপ্তিৰ বেদনা বুজি নাপাওঁতেই উৰি গ'ল মন , বহু দূৰলৈ । দূৰত্বই গচকি গ'ল দুখনি হাতক । সংৰক্ষিত হ'ল চকুলোৰ বন্যা !

       তোমাক ভালপাওঁ বাবেই
       জোনাক ৰাতি উজাগৰে থাকো
       জোনৰ লগত তোমাৰ কথা পাতো
       জোনাক চোৱাৰ হেঁপাহেৰে
       কেৱল তোমাৰ কথা ভাবো ।


Wednesday 31 August 2011

নিঃসংগতা

যেতিয়া মই মোৰ হিয়াত
প্রেমৰ আল্পনা আঁকো ,
মই নিঃসংগ অনুভৱ কৰো ।
যেতিয়া তোমাৰ হাতত ধৰি
এমুঠি সপোন ৰচোঁ ,
মই নিঃসংগ অনুভৱ কৰো ।
তুমি যেতিয়া মোৰ কাষত বহা ,
মোৰ হাতত সজোৰে খামুচি ধৰা ,
মই নিঃসংগ অনুভৱ কৰো ।
তোমাৰ বুকুত মুখ গুজি ,
মই যেতিয়া উচুপি উঠো ,
তুমি বাৰু কেনে অনুভৱ কৰা ...!
মোক তোমাৰ কাষতে পোৱাৰ সুখ ,
অপূৰ্ণতাৰ অসুখ ,
 নে নিঃসংগতা  !







Tuesday 23 August 2011

এদিনৰ অভিজ্ঞতা ..

সৌ সিদিনাখনৰ কথা । শিলপুখুৰীৰ পৰা বাছেৰে ঘৰ অভিমুখে আহি আছোঁ । খিৰিকীৰ কাষৰ চিটটোত বহি মই মোবাইল ফোনত গান শুনাত ব্যস্ত । মোৰ কাষৰ আসনখনত কোন বহি আছে তালৈ মোৰ অলপো ভ্রূক্ষেপ নাই । কিন্তু হঠাৎ মই অনুভৱ কৰিলোঁ কাষৰ যাত্রী গৰাকীৰ ঠাইত অন্য এগৰাকী বহিছে । পিন্ধনত তেওঁৰ এখন চিফনৰ শাৰী । লগত ৬ - ৭ বছৰ মানৰ এটা ল'ৰা । তেওঁলৈ মোৰ চকু গ'ল ।  বেছি সময় তেওঁলৈ মনোযোগ নিদি ভৰলুৰ ৰেল লাইনৰ মাজেৰে যোৱা দূৰণিৰ ৰেলখনলৈ চাই পঠি য়ালোঁ । কিন্তু অলপ সময় যোৱাৰ পাছত মই লক্ষ্য কৰিলোঁ মহিলা গৰাকীয়ে নিজৰ ফোনটো উলিয়াই পিটিকি আছে , আকৌ মুখখন বেঁকা কৰি সুমুয়াই থয় । মোলৈ চাই কিবা যেন ক'বলৈ বিচাৰে, তেনে যেনো ভাব হয় ।
   ....বেয়া নোপোৱা যদি ,  এটা ফোন কৰোঁ দিবা নেকি ?
কাণৰ পৰা হেডফোনডাল আঁতৰাই ফোনটো তেওঁলৈ আগবঢ়াই দিলোঁ ।
....চিউৰ , লওক ।
ভদ্র মহিলাই অতি বেছি দুই - তিনি মিনিটমান কথা পাতি ফোনটো মোক ওভোটাই দিলে ।
.....তোমাৰ বিল কিমানকৈ যায় বাৰু ?
তেখেতৰ প্রশ্নত অলপ অপ্রস্তুত হ'লোঁ ।
....নাই , হ'ব আৰু দিয়ক । মোৰ উত্তৰ ।
কিন্তু তেখেত নেৰা নেপেৰা তেওঁৰ প্রশ্নটোত । মই  ' মোৰো আপোনাক সহায় কৰিব পাৰি ভাল লাগিল ' ইত্যাদি সৌজন্যসূচক কথাৰে তেওঁৰ প্রশ্নৰ পৰা পলাবলৈ বিচাৰিলোঁ । আচৰিত ভাবে তেখেতে  দুইটকীয়া  মুদ্রা এটা মোলৈ আগবঢ়াই দিলে ।
.....এয়া লোৱাচোন , কিমান বা বিল উঠিল তোমাৰ ! মোৰ বেয়াই লাগে নহয় ...!
মই কি- কৰোঁ , কি  - নকৰোঁ অৱস্থা হ'ল । খং আৰু অপমানত জৰ্জৰিত হৈ মুখৰ মাত হেৰাল ।
বাছখনত অত্যন্ত ভিৰ । সন্ধ্যাও নামিছে । অকণমানি অনা - অসমীয়া ছোৱালী এজনী আহি মোৰ কোলাত বহিলহি । মোৰ আঁঠুদুটাত বহি তাই ৰাস্তাৰ মানুহক জোকোৱাত মগ্ন । মাজে মাজে মোলৈ চাই হাঁহি এটা মাৰে । মৰম লাগিল তাইক । থুনুক - থানাকৈ দুই এটা মাত ফুটিছেহে মাঁথো । অত্যন্ত স্মাৰ্ট ।
তাইৰ লগত ধেমালি কৰি অলপ আগতে হোৱা ঘটনাটো পাহৰি পেলালোঁ । ভদ্র মহিলা গৰাকীয়ে তাইক দুই এটা কথা সুধিয়েই মোৰ লগত চিনাকি হ'ল । গম পালোঁ তেখেত এগৰাকী শিক্ষক । গুৱাহাটীৰ এখন নাম থকা স্কুলৰ ইংৰাজী বিষয়ৰ শিক্ষক  ।
বাছখন আহি জালুকবাৰীৰ নিৰ্দিষ্ট ষ্টোপেজত ৰখালে । মহিলাগৰাকীৰ ঘৰ ওচৰে পাজৰে , তেওঁ নামিল । মোলৈ চাই চাই কেইবাবাৰো ' বাই বাই ' দিলে । ময়ো দিলোঁ ।
অলপমান দূৰ আহি ময়ো নামিলোঁ । হাতত থকা বেগটোৰ ওজনত বাহুটো অলপ অলপ বিষাইছে । তথাপিও কিয় জানো বুকুখনৰ বিষতোহে তাতোকৈ বেছি অনুভূত হ'ল ।
মনৰ ভিতৰতে প্রশ্ন কৰিলোঁ .....' ধন্যবাদ' শব্দটো বাৰু বেছি জটিল নেকি ?

Monday 15 August 2011

স্বাধীনভাবে স্বাধীন নে আমি ..........


       ভাৰত স্বাধীনতাৰ ৬৫ বছৰ দেওনা পাৰ কৰাৰ পাছতো আমাৰ সন্মুখত এটা জটিল প্রশ্ন "স্বাধীনভাবেই স্বাধীন নে আমি ?" এই প্রশ্নৰ উত্তৰত ভাৰতৰ সংবিধান স্বীকৃত নীতি , সমাজ –সংগঠন , ভিন্ন ব্যক্তি – সংগঠন  তথা  ব্যক্তি সকলে নানা যুক্তি প্রদৰ্শন কৰি আহিছে । তথাপিও স্বাধীনতা দিৱসৰ এই দিনটোতে কিয় এনে ধৰণৰ প্রশ্নই জুমুৰি মাৰি ধৰে ।
    জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংস নীতিক সাৰোগত কৰি যি ঐক্য – মন্ত্র ‘অহিংসা আমাৰ ধৰ্ম ' আগবঢ়াই থৈ গ’ল , এয়া যেন এতিয়াৰ দিনত পুৰাণ – জাতকৰ সাধুকথা । চাৰিওফালে বেঢ়ি ধৰিছে হিংসা আৰু সন্ত্রাসৰ মেঘাচ্ছন্ন আকাশে । আজিৰ ভাৰতীয়ই ৰাষ্ট্রীয় পতাকাৰ তলত "জয় হিন্দ "বুলি উচ্চাৰণ কৰিবলৈ ভয়ৰ সন্মুখীন হৈছে ।  বিভীষিকাৰ দৰে জ্বলি উঠে বুকুখন ‘ক”ৰবাত কিবা এটা শব্দ হৈছে , বিকট চিঞৰ ‘ । কাৰোবাৰ ভৰি , হাত , আঙুলিবোৰ নিচিহ্ন হৈ ওলমি পৰিছে গছৰ ডালত । এয়াই কি কুশল কোৱঁৰ , মণিৰাম দেৱানৰ সপোন , স্বাধীন অসমৰ ধেমালি ! আজিও কিয় এচামে মানি ল’ব পৰা নাই স্বাধীন ভাৰতৰ (অসমৰ) নাগৰিক বুলি । সহস্র জনৰ মাজত থাকিও ই যে  নিৰাপত্তাহীনতাৰ এক অবিকল চিত্র । আমি কেনেকৈ একমুখে স্বীকাৰ কৰোঁ  ‘অনৈক্যৰ মাজত ঐক্য ‘ !
   বৃটিছ শাসনৰ পৰাধীনতাৰ শিকলি ছিঙি ভাৰত স্বাধীন হোৱা বহু বছৰ পাৰ হৈ গ’ল । তথাপিও আমি পৰাধীন হৈ আছোঁ শোষন ,  লুণ্ঠন আৰু হিংসাৰ কবলত । স্বাধীনভাবে উশাহ ল’বলৈ আমি পালন কৰিছোঁ ‘বন্ধ সংস্কৃতি’ , অসম বন্ধ ,ভাৰত বন্ধ ইত্যদি । এই বন্ধৰ মূল্যই ক’ত থাকিল যি মুহূৰ্তত আমি মুক্ত কণ্ঠে সমস্বৰত গাব নোৱাৰিলো ‘ জন গণ মন অধি নায়ক জয় হে.....’ ।
   বস্তুৰ বৰ্দ্ধিত  দাম , নিবনুৱা সমস্যা , হত্যা , সন্ত্রাস তথা নাৰী নিৰ্যাটনৰ নিচিনা ঘটনাই স্বাধীন ভাৰতৰ সংবাদ – পত্রৰ প্রথম স্থান অধিকাৰ কৰি আহিছে । যিটেো সময়ত পৃথিৱী গোলকীকৰণৰ প্রভাৱত জয় যাত্রা আহ্বান কৰিছে , সেই সময়ত ভাৰতৰ দৰে ৰাষ্ট্রত দেখা দিছে খাদ্য সংকট  তথা অন্ধ – বিশ্বাসে । আধুনিক প্রযুক্তি – বিদ্যাৰ উন্নতিয়ে ভিন্ন ৰাষ্ট্রৰ মাজত সৃষ্টি কৰিছে এক বিৰাট প্রতিযোগিতাৰ । ভাৰতত আজিও নিৰ্মূল কৰিব পৰা নাই ভিক্ষাৰী বৃত্তি তথা মৌলিক প্রয়োজনৰ সমস্যা ।
      এনে ধৰণৰ বহুতো প্রশ্নই আগুৰি ধৰে যেতিয়া আমি উদযাপন কৰিব বিচাৰো আমাৰ স্বাধীনতা ....!
      তিনি বৰণীয়া জাতীয় পতাকাৰ তলত থিয় হৈ আজিও নিজকে প্রশ্ন কৰোঁ এখন নিকা ভাৰতবৰ্ষ আমাৰ বাবে কিমান দূৰ ! প্রকৃততে  আমি স্বাধীনভাবে স্বাধীন নে পৰাধীন !!!!

Wednesday 27 July 2011

আই

 মোক তোমাৰ কোলাত শুৱলৈ দিয়া
 তোমাৰ আঁচলৰ ছাঁত
 আঁতৰ কৰা মোৰ সমস্ত অৱসাদ ।
 মোৰ  চুলিত আঙুলি বুলাই 
 তুলি দিয়া মোক নিদ্রাদেৱীৰ কোলাত ।
 সঁচাকৈয়ে আই এতিয়া বিচাৰি ফুৰিছোঁ মই
 অলপ মৰম ,  অলপ ভালপোৱা ।
 সেয়ে পুনৰ শিকিব বিচাৰিছোঁ
  শৈশৱৰ আদিপাঠ  ।
 মাটি - পেন্ঞ্চিল আৰু ফলিখন মোক বিচাৰি দিয়া
 শিকাই দিয়া 'অ' আৰু 'ক' ৰ ভাঁজ ।
 মোক গা ধুৱাই দিয়া , কাপোৰ পিন্ধাই দিয়া ,
 ভাত খুৱাই দিয়া ,
 কঁপালত আঁকি দিয়া
 এটা ডাঙৰ ফোঁট ( কলাফোঁটত পাউদাৰ দিবলৈ নাপাহৰিবা আই ) ।
 মোৰ স্কুলৰ মোনা ,পানী বটল আৰু ছাটিটো দিয়া ,
 আগবঢ়াই দিয়া পদূলিমুখলৈ ।
 ৰাস্তাৰ বাঁওফালে যাম নে সোঁফালে ........!!
  আই , মই কেইবাবাৰো ভুল কৰি ৰাস্তাৰ ওলোটাফালে গৈছোঁ ।
 এতিয়াৰ পৰা মই সদায় বাঁওফালে যাম
 আৰু ঘুৰি আহি তোমাৰ কোলাত শুম  ,
 তুমি মোৰ চুলিত আঙুলি বুলাবা ,
  মই শুনি টোপনি যাম
  "আমাৰে মইনা শুব এ , বাৰীতে বগৰী ৰুব এ " .....।


Tuesday 12 July 2011

দুইৰ মহিমা

     " দুই"  শব্দটোৰ ভিন্ন ৰূপ  ঃ


দুকঠা, দুকাষ, দুকোঠলীয়া, দুখন, দুখিলা, দুখুজি, দুগাল, দুগুটি, দুগুণ, দুঘৰ, দুচকল, দুচকীয়া, দুচটা, দুচকলীয়া, দুচলু, দুচিমা, দুছোৱা, দুজন, দুজনী, দুজোপা, দুজুপি, দুটকা, দুটীয়া, দুটি, দুটুপি, দুটোপ, দুটুকুৰা, দুঠেঙীয়া, দুঠোক, দুতলীয়া, দুতৰপীয়া, দুদল, দুডাল, দুদিন, দুদঁতীয়া, দুধাৰি, দুনলীয়া, দুপাত, দুপৰ, দুপাক, দুপাল, দুবাটি, দুপাৰি, দুফাল, দহালি, দুবোজা, দুভৰি, দুমাহ, দুমেৰু, দুমূৰ, দুমূৰি, দুভাগ, দুমুঠি, দুৰুচী, দুমুৰি, দুমূৰ, দুৰাতি, দুৱচী, দুষাৰ, দুগাল, দুহাল, দুবছৰ, দুপৰীয়া, দুখোজ, দুটকীয়া, দুডৰা, দুডালি, দুদিনীয়া, দুদেও, দুধাৰ, দুনিশা, দুপতীয়া, দুপালি, দুফালে, দুবছৰীয়া, দুৱাৰ, দুবিঘা, দুবিহা, দুবেলা, দুৱাৰ, দুভগীয়া, দুভাৰ, দুমহীয়া, দুমহলীয়া, দুমুঠা, দুযুৰি, দুযোৰ, দুৰাতি, দুলোটা, দুহাতে........ ইত্যাদি ।  

Wednesday 6 July 2011

কবিতা

কেতিয়াবা কবিতা হেৰাই যায়,
খেপিয়াই আনি গাৰুৰ তলত লুকুৱাই থওঁ
সাংঘাটিক মায়া আৰু দুষ্টালি কবিতাবিলাকৰ......
অভিমানৰ অভিনয় কৰে শব্দবিলাকে,
কাষতে অনুভূতিয়ে সহায় কৰে....
বগা কাগজত শব্দৰ লুকাভাকু.....
গাৰুটো লুটিয়াই থপিয়াই ধৰোঁ কলমটো,
কবিতাই আকৌ গান গায়..........!